About CSS page layouts/as
From Joomla! Documentation
This page is a candidate for deletion. The given reason is: This page is orphaned. The information, while relevant and well written, might be better placed elsewhere like https://docs.joomla.org/More_advanced_Joomla!_templates, rather than being an article on its own.
This notice should remain for a minimum of 1 week after it was placed on the page. If discussion is still ongoing, it should remain until a consensus is reached, after which the page will either be deleted or this notice removed. If you disagree with its deletion, please discuss your reasons on its associated talk page, as applicable.
Remember to check if anything links here and the page history before deleting.
Last edit by FuzzyBot (talk · contrib) · Last edited on Sat, 17 Oct 2020 11:10:27 +0000
পেছাদাৰী ৱেবছাইটসমূহে সমলৰ পৰা ষ্টাইলিং পৃথক কৰে। ইয়াৰ বহুতো কাৰণ আছে, আটাইতকৈ স্পষ্ট (বিকাশকৰ্তা এগৰাকীৰ বাবে) হৈছে এটা ফাইল সলনি কৰি বহুতো পৃষ্ঠাৰ ৰংৰূপ নিয়ন্ত্ৰণ কৰাৰ ক্ষমতা। ষ্টাইলিং তথ্যৰ ভিতৰত আছে: ফ'ণ্ট; পটভূমি; ছবি (প্ৰতিখন পৃষ্ঠাত পুনৰাবৃত্তি হোৱা); পৃষ্ঠাত উপাদানসমূহৰ অৱস্থান আৰু মাত্ৰা। আপোনাৰ HTML ফাইলত এতিয়া বাকী থাকিব: শিৰোশাৰীৰ তথ্য; উপাদানৰ এক শৃংখলা; আপোনাৰ ৱেবছাইটৰ পাঠ। কাৰণ আপুনি Joomla! টেমপ্লেট সৃষ্টি কৰি আছে, আপোনাৰ দৰাচলতে থাকিব: কিছুমান শিৰোশাৰীৰ তথ্য; বাকী শিৰোশাৰীৰ তথ্যৰ অনুৰোধ কৰিবলৈ php ক'ড; উপাদানৰ এক শৃংখলা; প্ৰতিটো মডিউলৰ অৱস্থানৰ অনুৰোধ কৰিবলৈ php ক'ড; মুখ্য সমলৰ অনুৰোধ কৰিবলৈ php ক'ড।
ষ্টাইলৰ তথ্য CSS, কেস্কেডিং ষ্টাইল শ্বীটত ক'ড কৰা হয় আৰু সাধাৰণতে .css এক্সটেনশ্যন থকা ফাইলত সঞ্চিত কৰা হয়। ৱেবপৃষ্ঠা এখনত সংশ্লিষ্ট .css ফাইলৰ লিংক থাকে যাতে ব্ৰাউজাৰে পৃষ্ঠাত প্ৰয়োগ কৰিবলৈ উপযুক্ত ষ্টাইলৰ তথ্য বিচাৰিব পাৰে। CSS এটা html ফাইলৰ ভিতৰত <style type="text/css"></style> টেগৰ মাজতো ৰাখিব পাৰি।
সকলো CSS ক'ড html/xml পৃষ্ঠাৰ কোনো উপাদানত প্ৰয়োগ কৰা হয়। যদি আপুনি সম্পূৰ্ণ পৃষ্ঠা এখন সাঙুৰি ল'ব বিচাৰে তেন্তে আপুনি সেইটো সম্ভৱতঃ <body> উপাদানত প্ৰয়োগ কৰিব। আপুনি <p>, <table> নাইবা <div> উপাদানৰ দৰে যিকোনো html উপাদানত ষ্টাইল প্ৰয়োগ কৰিব পাৰে। কোনো নিৰ্দিষ্ট উপাদান ষ্টাইলযুক্ত কৰিবলৈ সেইটোত এটা ID থকাৰ প্ৰয়োজন। উদাহৰণস্বৰূপে- শীৰ্ষক থকা <div>ত ষ্টাইল প্ৰয়োগ কৰিবলৈ আপুনি প্ৰথমে html - <div ID="title">ত এটা ID সন্নিবিষ্ট কৰিব।