প্ৰবন্ধ এটাৰ পৰা লিংক আঁতৰোৱা

From Joomla! Documentation

Revision as of 18:20, 2 August 2020 by Mohsin Ali (talk | contribs)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Other languages:
Deutsch • ‎English • ‎italiano • ‎português do Brasil • ‎অসমীয়া

প্ৰাথমিক পদ্ধতি

প্ৰবন্ধৰ পৰা লিংক (বা হাইপাৰলিংক) তলত দিয়াধৰণে আঁতৰাব পাৰি:

  1. প্ৰবন্ধটো সম্পাদনা কৰিবলৈ খোলক।
    1. প্ৰবন্ধ পৰিচালকলৈ যাবলৈ প্ৰশাসক → সমল → প্ৰবন্ধ মেন্যু আইটেম বাছনি কৰক।
    2. প্ৰবন্ধ বাছনি কৰি সম্পাদনা টুলবাৰ বুটামটোত ক্লিক কৰক।
  2. কেৱল আপুনি আঁতৰাবলৈ বিচৰা লিংকটো বিচাৰক আৰু সাৱধানে হাইলাইট কৰি বাছনি কৰক।
  3. আনলিংক কৰক এডিটৰ টুলবাৰ বুটামটো বাছনি কৰক। লিংকটো আঁতৰি যাব।

বিকল্প পদ্ধতি

চিধাই HTML মেনুৱেলী সম্পাদনা কৰি লিংক আঁতৰাওক (আপুনি প্ৰবন্ধ এডিটৰ ম'ডত থাকিলেহে)।

  1. ‘এডিটৰ ট'গল কৰক’ বুটাম (নাইবা ক'ড টেব) বাছনি কৰক।
  2. লিংকটো আৰম্ভ কৰা <a href=...> টেগ আৰু লিংকটো শেষ কৰা </a> টেগ চিনাক্ত কৰক।
  3. আৰম্ভণিৰ কোণা বন্ধনী (<)ৰ পৰা শেষৰ বন্ধনী (>)লৈ আৰম্ভণিৰ লিংক এলিমেণ্ট <a href=...> আঁতৰাই দিয়ক।
  4. যিটো টেক্স্‌ট লিংক কৰা আছিল সেইটো জেগাতে এৰি দিয়ক।
  5. শেষৰ লিংক এলিমেণ্ট (</a>) আঁতৰাই দিয়ক।
  6. সাঁচি থওক বাছনি কৰক।
  7. এডিটৰ ট'গল কৰক বাছনি কৰক।
  8. টেক্স্‌ট এতিয়া আৰু লিংক হৈ নথকাটো নিশ্চিত কৰক।