অনুবাদ ছেণ্ডবক্স
From Joomla! Documentation
এইটো আমাৰ অনুবাদ ছেণ্ডবক্স। আপোনাক অনুবাদক হিচাপে এছাইন কৰা হোৱাৰ পাছত অনুবাদক ইণ্টাৰফেচেৰে খেলিবলৈ এইটো এটা বঢ়িয়া ঠাই।
মই Joomla কেনেকৈ ডাউনল'ড কৰিম?
Joomla ডাউনল'ড কৰাটো সহজ! মাথোঁ downloads.joomla.org-লৈ যাওঁক।
Joomla-ৰ কেইটামান সুবিধা কি কি?
ব্যৱহাৰকাৰী পৰিচালনা - Joomla-ৰ এটা পঞ্জীয়ন ছিষ্টেম আছে যিয়ে ব্যৱহাৰকাৰীসকলক ব্যক্তিগত বিকল্পসমূহ কন্ফিগাৰ কৰিবলৈ দিয়ে।
মিডিয়া পৰিচালক - মিডিয়া পৰিচালক হ'ল মিডিয়া ফাইল বা ফ'ল্ডাৰসমূহ সহজে পৰিচালনা কৰিবলৈ সঁজুলি আৰু যিকোনো প্ৰকাৰৰ ফাইল পৰিচালনা কৰিবলৈ আপুনি MIME প্ৰকাৰ ছেটিংছ কন্ফিগাৰ কৰিব পাৰে।
ভাষা পৰিচালক - বিশ্বৰ বহুতো ভাষা আৰু UTF-8 এনক'ডিঙৰ বাবে আন্তৰ্জাতিক সমৰ্থন আছে।
বেনাৰ পৰিচালনা - বেনাৰ পৰিচালক ব্যৱহাৰ কৰি আপোনাৰ ৱেব ছাইটত বেনাৰ ছেট আপ কৰাটো সহজ, ক্লায়েণ্ট প্র'ফাইল সৃষ্টি কৰি আৰম্ভ কৰক। যোগাযোগ পৰিচালনা - যোগাযোগ পৰিচালকে আপোনাৰ ব্যৱহাৰকাৰীসকলক সঠিক ব্যক্তি আৰু তেওঁৰ যোগাযোগৰ তথ্য বিচাৰি পোৱাত সহায় কৰে। ই কোনো নিৰ্দিষ্ট ব্যক্তিৰ লগতে গোটসমূহলৈ যোৱা একাধিক যোগাযোগৰ প্র-পত্ৰও সমৰ্থন কৰে।
সন্ধান - ব্যৱহাৰকাৰীসকলক আটাইতকৈ জনপ্ৰিয় সন্ধানৰ বস্তুবোৰলৈ নেভিগেট কৰাত সহায় কৰে আৰু Joomla প্ৰশাসকসকলক সন্ধানৰ পৰিসংখ্যা প্ৰদান কৰে।
ৱেব লিংক পৰিচালনা - ছাইট ব্যৱহাৰকাৰীসকলক লিংক সম্পদ প্ৰদান কৰাটো সহজ আৰু আপুনি সেয়া বৰ্গক্ৰমে সজাব পাৰে, আনকি প্ৰতিটো ক্লিক হিচাপ কৰিবও পাৰে।
সমল পৰিচালনা - Joomla-ৰ সৰলীকৃত তিনি-স্তৰযুক্ত প্ৰবন্ধৰ ছিষ্টেমে আপোনাৰ সমল সংগঠিত কৰাটো দ্ৰুত কৰি তোলে।
ছিণ্ডিকেশ্যন আৰু বাতৰি-সংগ্ৰহ পৰিচালনা - Joomla-ৰে আপোনাৰ ছাইটৰ সমল ছিণ্ডিকেট কৰাটো সহজ যিয়ে আপোনাৰ ব্যৱহাৰকাৰীসকলক তেওঁলোকৰ প্রিয় RSS ৰীডাৰত নতুন সমল ছাবস্ক্ৰাইব কৰিবলৈ দিয়ে। মেন্যু পৰিচালনা - মেন্যু পৰিচালকে আপোনাক যিমান লাগে সিমানেই মেন্যু আৰু মেন্যু আইটেম সৃষ্টি কৰিবলৈ দিয়ে।
টেমপ্লে'ট পৰিচালনা - আপোনাৰ ছাইটক আপুনি যেনেকুৱা বিচাৰে ঠিক তেনেই ৰূপ দিবলৈ Joomla-ৰ টেমপ্লে'টসমূহ এক প্ৰভাৱশালী উপায় আৰু গোটেই ছাইটৰ বাবে এটাই টেমপ্লে'ট নাইবা প্ৰতিটো অনুবিভাগৰ বাবে আছুতীয়া টেমপ্লে'ট ব্যৱহাৰ কৰক।
ইণ্টিগ্ৰেটেড সহায় ছিষ্টেম - ব্যৱহাৰকাৰীসকলক যি লাগে সেয়া বিচাৰি পোৱাত তেওঁলোকক সহায় কৰিবলৈ Joomla-ৰ এটা বিল্ট-ইন সহায় অনুবিভাগ আছে।
ছিষ্টেমৰ সা-সুবিধা - পৃষ্ঠা কেশ্বিং, গ্ৰেনিউলাৰ-লেভেল মডিউল কেশ্বিং আৰু GZIP পৃষ্ঠা সংকোচনেৰে দ্ৰুতগতিত পৃষ্ঠা ল'ড কৰা সম্ভৱ।
ৱেব সেৱা - ৱেব সেৱাসমূহেৰে আপুনি দূৰৱৰ্তী কাৰ্য্যবিধি কল (HTTP আৰু XML-যোগে) ব্যৱহাৰ কৰিব পাৰে।
ওপৰৰ আটাইখিনি প্ৰভাৱশালী বিস্তাৰযোগ্যতা সহ।
Joomla সহায় আৰু মেইল তালিকা
আপুনি আমাৰ ফ'ৰাম-ত সহায় বিচাৰিব পাৰে নাইবা http://www.joomla.org/mailing-lists.html-ত আমাৰ মেইল তালিকা এখনত যোগদান কৰিব পাৰে।