JDOC

অনুবাদ ছেণ্ডবক্স

From Joomla! Documentation

Revision as of 08:25, 3 October 2020 by FuzzyBot (talk | contribs) (Updating to match new version of source page)
Other languages:
Bahasa Indonesia • ‎Deutsch • ‎English • ‎Kiswahili • ‎Nederlands • ‎Türkçe • ‎català • ‎español • ‎français • ‎italiano • ‎português • ‎português do Brasil • ‎български • ‎русский • ‎অসমীয়া • ‎中文(台灣)‎ • ‎日本語

এইটো আমাৰ অনুবাদ ছেণ্ডবক্স। আপোনাক অনুবাদক হিচাপে এছাইন কৰা হোৱাৰ পাছত অনুবাদক ইণ্টাৰফেচেৰে খেলিবলৈ এইটো এটা বঢ়িয়া ঠাই।

মই Joomla কেনেকৈ ডাউনল'ড কৰিম?

Joomla ডাউনল'ড কৰাটো সহজ! মাথোঁ downloads.joomla.org-লৈ যাওঁক।

Joomla-ৰ কেইটামান সুবিধা কি কি?

ব্যৱহাৰকাৰী পৰিচালনা - Joomla-ৰ এটা পঞ্জীয়ন ছিষ্টেম আছে যিয়ে ব্যৱহাৰকাৰীসকলক ব্যক্তিগত বিকল্পসমূহ কন্‌ফিগাৰ কৰিবলৈ দিয়ে।

মিডিয়া পৰিচালক - মিডিয়া পৰিচালক হ'ল মিডিয়া ফাইল বা ফ'ল্ডাৰসমূহ সহজে পৰিচালনা কৰিবলৈ সঁজুলি আৰু যিকোনো প্ৰকাৰৰ ফাইল পৰিচালনা কৰিবলৈ আপুনি MIME প্ৰকাৰ ছেটিংছ কন্‌ফিগাৰ কৰিব পাৰে।

ভাষা পৰিচালক - বিশ্বৰ বহুতো ভাষা আৰু UTF-8 এনক'ডিঙৰ বাবে আন্তৰ্জাতিক সমৰ্থন আছে।

বেনাৰ পৰিচালনা - বেনাৰ পৰিচালক ব্যৱহাৰ কৰি আপোনাৰ ৱেব ছাইটত বেনাৰ ছেট আপ কৰাটো সহজ, ক্লায়েণ্ট প্র'ফাইল সৃষ্টি কৰি আৰম্ভ কৰক। যোগাযোগ পৰিচালনা - যোগাযোগ পৰিচালকে আপোনাৰ ব্যৱহাৰকাৰীসকলক সঠিক ব্যক্তি আৰু তেওঁৰ যোগাযোগৰ তথ্য বিচাৰি পোৱাত সহায় কৰে। ই কোনো নিৰ্দিষ্ট ব্যক্তিৰ লগতে গোটসমূহলৈ যোৱা একাধিক যোগাযোগৰ প্র-পত্ৰও সমৰ্থন কৰে।

সন্ধান - ব্যৱহাৰকাৰীসকলক আটাইতকৈ জনপ্ৰিয় সন্ধানৰ বস্তুবোৰলৈ নেভিগেট কৰাত সহায় কৰে আৰু Joomla প্ৰশাসকসকলক সন্ধানৰ পৰিসংখ্যা প্ৰদান কৰে।

ৱেব লিংক পৰিচালনা - ছাইট ব্যৱহাৰকাৰীসকলক লিংক সম্পদ প্ৰদান কৰাটো সহজ আৰু আপুনি সেয়া বৰ্গক্ৰমে সজাব পাৰে, আনকি প্ৰতিটো ক্লিক হিচাপ কৰিবও পাৰে।

সমল পৰিচালনা - Joomla-ৰ সৰলীকৃত তিনি-স্তৰযুক্ত প্ৰবন্ধৰ ছিষ্টেমে আপোনাৰ সমল সংগঠিত কৰাটো দ্ৰুত কৰি তোলে।

ছিণ্ডিকেশ্যন আৰু বাতৰি-সংগ্ৰহ পৰিচালনা - Joomla-ৰে আপোনাৰ ছাইটৰ সমল ছিণ্ডিকেট কৰাটো সহজ যিয়ে আপোনাৰ ব্যৱহাৰকাৰীসকলক তেওঁলোকৰ প্রিয় RSS ৰীডাৰত নতুন সমল ছাবস্ক্ৰাইব কৰিবলৈ দিয়ে। মেন্যু পৰিচালনা - মেন্যু পৰিচালকে আপোনাক যিমান লাগে সিমানেই মেন্যু আৰু মেন্যু আইটেম সৃষ্টি কৰিবলৈ দিয়ে।

টেমপ্লে'ট পৰিচালনা - আপোনাৰ ছাইটক আপুনি যেনেকুৱা বিচাৰে ঠিক তেনেই ৰূপ দিবলৈ Joomla-ৰ টেমপ্লে'টসমূহ এক প্ৰভাৱশালী উপায় আৰু গোটেই ছাইটৰ বাবে এটাই টেমপ্লে'ট নাইবা প্ৰতিটো অনুবিভাগৰ বাবে আছুতীয়া টেমপ্লে'ট ব্যৱহাৰ কৰক।

ইণ্টিগ্ৰেটেড সহায় ছিষ্টেম - ব্যৱহাৰকাৰীসকলক যি লাগে সেয়া বিচাৰি পোৱাত তেওঁলোকক সহায় কৰিবলৈ Joomla-ৰ এটা বিল্ট-ইন সহায় অনুবিভাগ আছে।

ছিষ্টেমৰ সা-সুবিধা - পৃষ্ঠা কেশ্বিং, গ্ৰেনিউলাৰ-লেভেল মডিউল কেশ্বিং আৰু GZIP পৃষ্ঠা সংকোচনেৰে দ্ৰুতগতিত পৃষ্ঠা ল'ড কৰা সম্ভৱ।

ৱেব সেৱা - ৱেব সেৱাসমূহেৰে আপুনি দূৰৱৰ্তী কাৰ্য্যবিধি কল (HTTP আৰু XML-যোগে) ব্যৱহাৰ কৰিব পাৰে।

ওপৰৰ আটাইখিনি প্ৰভাৱশালী বিস্তাৰযোগ্যতা সহ।

Joomla! Translation Trainee

Translate this text into your langauge to learn how it works.

Joomla সহায় আৰু মেইল তালিকা

আপুনি আমাৰ ফ'ৰাম-ত সহায় বিচাৰিব পাৰে নাইবা http://www.joomla.org/mailing-lists.html-ত আমাৰ মেইল তালিকা এখনত যোগদান কৰিব পাৰে।

লগতে চাওঁক